এইবেলি মোক

বুকুতে ৰাখি

এইবেলি মোক

লোৱাহি ঢাকি

এইবেলি মোক

আচলতে তোমাৰ

চাওঁতে চাওঁতে পুৱাব প্ৰতিটো পল

প্ৰতিটো ৰাতি

এইবেলি হওক

এই পৃথিৱী সাক্ষী

আৱেগেৰে

জ্বলোৱা চাকি ।

 

তোমাৰ কথা ভাবি

পাৰ হয় সময়

আন কাৰো বাবেচোন মোৰ

জানো আজৰি যেন নহয়

জোনৰে দেশৰ

লৈ অহা বাতৰি

নেলাগে জানা সোণ মোক

একো বাকী ।

 

এইবেলি মোক

নথবা ৰাখি

মৰমেৰে লোৱা

মোক আৱৰি ...

 

প্ৰতিটো নিশা

সপোনত আহি

চুমা আঁকি

ঢালি যোৱা

মিঠা মিঠা তোমাৰ

সুবাস এচাটি

উৰু উৰু মন

ৰাখোঁনো কিদৰে

উৰিম আকৌ

এইবেলি পখী হৈ ।

 

এইবেলি হওক

জোন তৰা সাক্ষী

মিলনৰে

এটি মিঠা ৰাতি

এইবেলি হওক ...

চাওঁতে চাওঁতে পুৱাব প্ৰতিটো পল

প্ৰতিটো ৰাতি

এইবেলি হওক

এই পৃথিৱী সাক্ষী

আৱেগেৰে

জ্বলোৱা চাকি ।।